Skip to main content
প্ৰতিবাদী মুছলমানক সন্ত্ৰাসবাদ সজোৱাৰ ষড়যন্ত্ৰ !!!

মুছলমান !! এক বিশেষ শব্দ । যি শব্দই ভাৰতবৰ্ষৰ আটাইতকৈ পিছপৰা জাতিক বুজায়। ......হয় আপুনি জানেই - এই জাতিয়ে ভাৰতবৰ্ষৰ বুকুত প্ৰত্যেকটো দিন লাঞ্চিত-বঞ্চিত হৈ আহি আছে। নিজৰ পৰিচয়ৰ বাবেই প্ৰত্যকটো দিন হাতত নথি লৈ অফিচৰ দোৱাৰে দোৱাৰে দৌৰি আছে। পেটৰ তাড়নাত প্ৰখৰ ৰদত দিনটো পথাৰত কাম কৰি ৰদত পুৰি কলা হোৱা চেহেৰা লৈ লোকৰ সন্মুখত গলেই মুখখন ভেঙুচাই বাংলাদেশী বুলি চিঞৰ।
অথচ পৃথিৱীৰ সৰ্ববৃহৎ লিখিত সংবিধান ( ভাৰতীয় সংবিধান ) ৰক্ষাৰ্থে এই মুছলমানেই প্ৰাণ আহুতি দিছে !!

হে মুছলমানসকল শত শত শ্রদ্ধা তোমাক।।
তোমালোকৰ ত্যাগৰ বিনিময়ত আজিৰ ভাৰত।
কিন্তু ক্ষমা কৰিবা তোমালোকৰ সুস্থিৰ ভাৰতত আজি ইংৰাজৰ দালাল আকৌ গা কৰি উঠিছে দেশক বিক্ৰী কৰিবলৈ।।

আৰু !!

সময়ে সময়ে  বিভিন্ন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত বুলি মুছলমান যুৱকসকলৰ যৌৱন ধ্বংস কৰা নাই জানো??
বিশ্বাস নহয় যদি খবৰ কৰি চাবা এবাৰ - 60 হাজাৰৰো ওপৰত মুছলমান যুৱকক সন্ত্ৰাসবাদীৰ কেচ জাপি দি কাৰাবন্দী কৰি ৰখা হৈছে যিবিলাকৰ প্ৰায় প্ৰত্যেকেই নিৰ্দোষী বুলি 20 বছৰ কাৰাবন্দী থকাৰ পিছত মাত্ৰ 10000 টকা ক্ষতিপূৰণেৰে ঘৰলৈ পঠিওৱা হৈছে।

এই সম্প্ৰদায়ৰ লোকে বাঘা বাঘা নেতা বহুত বনাইছে অ' । পিছে কোনেও জাতিৰ পৰিচয় ও সুৰক্ষা দিব নোৱাৰিলে।

জাতিৰ শত্ৰু তথা ভাৰতবৰ্ষৰ মূল শত্ৰু ফেচিবাদী শক্তিক এশিকনি দিবলৈ পপুলাৰ ফ্ৰন্ট ইতিমধ্যেই সফলতা লাভ কৰিছে যাৰ বাবে ইহতৰ ভেটি কপিবলৈ আৰম্ভ কৰিছে। সেই গতিকেই ফেচিবাদী বস্ৰ পৰিধান কৰা নামধাৰী সাংবাদিকসকলে #পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া ৰ সম্পৰ্কে ভূৱা বাতৰি পৰিৱেশন কৰি জনমানসত সেয় প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে।

মুছলমানৰ সাৰ্বিক উন্নয়নৰ বাবে কাম  সংগঠন বহুতো থকাৰ পিছতো পপুলাৰ ফ্রন্টৰ বিৰুদ্ধে ইমান আপত্তিজনক লিখনি প্রকাশৰ এটাই কাৰণ - ফ্রন্টে ন্যায় প্রতিষ্ঠাৰ বাবে আপোচহীন আন্দোলন কৰে  আৰু  ই ফেচীবাদী শক্তিৰ ভেটি কপাবলৈ সক্ষম হৈছে।

 হেৰৌ.....
 বস্ৰপৰিধানকাৰী ইংৰাজৰ গোলামকেইটা...
লাভ নাই...একো কৰিব নোৱাৰ ।

অপশক্তিৰ বিৰুদ্ধে ৰণশিঙা বাজি উঠিছে ঐ....
পপুলাৰ ফ্ৰন্টে শোষিত- নিষ্পেষিতসকলৰ মনত এক নতুন উদ্যম আনিবই.....
বঞ্চিতসকলক নিজৰ অধিকাৰৰ বাবে যুজ দিবলৈ সাহস দিবই.....

Comments